জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৬সংখ্যক আৰ্ৱিভাব মহোৎসৱ মহানগৰীৰ কাঞ্চন নগৰ উন্নয়ন সমিতিৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই উপলক্ষে অঞ্চলটোৰ উদীয়মান শিশুসকলে সত্ৰীয়া নৃত্যৰ মাটি আখৰা, ভোৰতাল নৃত্য, বৰগীত আৰু অঙ্কীয়া নাট পৰিৱেশন কৰে ৷ বিশিষ্ট সমাজৰ্কমী হীৰেন্দ্ৰ নাথ তামুলী আৰু সমাজসেৱক যুৱক প্ৰনৱ জ্যোতি লহকৰৰ লগতে কাঞ্চন নগৰ উন্ময়ন সমিতিৰ ব্যৱস্থাপনাত অনুষ্ঠিত মহোৎসৱৰ দিনজোৰা কাৰ্যসূচীত গুৰুজনাৰ বিভিন্ন কৃষ্টি-সংস্কৃতি, সৃষ্টিৰাজী আৰু জীৱন দৰ্শনৰ আলোকপাত কৰা হয়।
মহোৎসৱৰ কাৰ্যসূচীৰ মাজতে বৃহত্তৰ কাঞ্চন নগৰ অঞ্চলৰ পাঁচ গৰাকীকৈ আইমাতৃক সম্বৰ্ধনা জনাই শিশুসকলৰ আগত মাতৃসেৱাৰ নিৰ্দশন দাঙি ধৰা হয়। তপন শইকীয়া আৰু পাপৰি শইকীয়াই আঁত ধৰা অনুষ্ঠানটোৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ধৰ্মধ্বজা উত্তোলন কৰে উন্নয়ন সমিতিৰ সভাপতি প্ৰমোদ শৰ্মাই, ৰ্ধমবন্তি প্ৰজ্জ্বলন কৰে স্থানীয় মুচুকুন্দ গগৈয়ে। বন্তি প্ৰজ্জ্বলনৰ পিছতে পুৱাৰ খোলপ্ৰসঙ্গ আৰু নামকীৰ্তন কৰা হয়। ইফালে শংকৰদেৱ নগৰৰ ভাগৱত শোভাযাত্ৰাৰ নান্দনিক পৰিবেশে বৃহত্তৰ অঞ্চলটোত যেন এক বৰ্ণিল পৰিৱেশ বিৰাজ কৰে।