উত্তৰ প্ৰদেশ ৰামপুৰ জিলা হাস্পতালত এগৰাকী চিকিৎসক আৰু নাৰ্ছৰ মাজত তীব্ৰ বাক-বিতণ্ডা হয়।
আৰু চাওতে চাওতে দুয়োৰে মাজত হতাহতি আৰম্ভ হয়।
প্ৰথমে নাৰ্ছগৰাকীয়ে চিকিৎসকক চৰ শোধাই, পিছত চিকিৎসকজনে নাৰ্ছগৰাকীৰ ওপৰত আক্ৰমণ চলাই।
হতাহতিৰ ঘটনাৰ পিছত হাস্পতালত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
কিন্তু পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
ANIয়ে জনোৱা অনুসৰি, এই ঘটনাটো সোমবাৰে নিশা প্ৰায় ৯.৩০ বজাত জিলা হাস্পতালত সংঘটিত হয়।
উল্লেখ্য, হাস্পতালত ভৰ্তি হৈ থকাৰ সময়ছোৱাত কোনো ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।
ৰোগীগৰাকীৰ পৰিয়ালে চিকিৎসকক মৃত্যুৰ প্ৰমাণ পত্ৰ বিচাৰিলে।
অভিযোগ উত্থাপন হৈছে যে, চিকিৎসকে ৱাৰ্ডত নিয়োজিত থকা নাৰ্ছক প্ৰথমেই প্ৰমাণ পত্ৰ লিখি আনিব দিছিল।
এই সন্দৰ্ভত পৰিয়ালৰ লোক নাৰ্ছৰ কাষলৈ যায়।
ইয়াৰ পিছত ক্ষুব্ধ হৈ পৰে নাৰ্ছগৰাকী। নাৰ্ছগৰাকী ততালিকে ইমাৰজেঞ্চীত উপস্থিত হয়।
এই সন্দৰ্ভত নাৰ্ছ আৰু চিকিৎসকৰ মাজত বাক-বিতণ্ডা হয়। গালি-গালাজ আৰম্ভ হয়।
#WATCH | A doctor and a nurse entered into a brawl at Rampur District Hospital yesterday.
City Magistrate Ramji Mishra says, "I have spoken to both of them. They say they were under stress and overburdened. We will probe this & speak to both of them."
(Note: Abusive language) pic.twitter.com/XJyoHv4yOh
— ANI UP/Uttarakhand (@ANINewsUP) April 27, 2021
চাওতে চাওতে দুয়োজনৰে মাজত হতাহতি হয়।
নাৰ্ছগৰাকীয়ে চিকিৎসকগৰাকীৰ চৰ শোধাই।
ইয়াৰ পিছত চিকিৎসকগৰাকীয়েও নাৰ্ছৰ ওপৰত আক্ৰমণ চলায়।
এই ঘটনাটোৰ পিছতে তাত মানুহৰ ভিৰ হয়।
এই ঘটনাটো কোনোৱে ভিডিঅ’ কৰি ভাইৰেল কৰি দিয়ে। খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।
Photo: Twitter