গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই ৰাইজৰ মাজত চাফ – চিকুণতাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে ২০ ছেপ্তেম্বৰৰ পৰা মহানগৰীত আৰম্ভ কৰিছে স্বচ্ছতা অভিযান। এই অভিযানৰ লগত সংগতি ৰাখি পৌৰ নিগমৰ পাঁচ নম্বৰ দিছপুৰ সংমণ্ডলৰ উদ্যোগত বিভিন্ন স্থানত চাফাই অভিযান চলোৱা হয়। অভিযানত প্ৰথম পৰ্যায়ত ৰাজহুৱা শৌচালয়, প্ৰস্ৰাৱগাৰ আদিত চাফ – চিকুণ কৰি পৰিষ্কাৰ কৰি তোলা হয়।
আনহাতে গুৱাহাটী পৌৰ নিগমৰ পাঁচ নম্বৰ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা হিৰণ্য কুমাৰ হাজৰিকা আৰু কেবাজনো পাৰিষদে এই অভিযানত অংশগ্ৰহণ কৰি লেতেৰা আৱৰ্জনা পৰিষ্কাৰ কৰি এখন সুন্দৰ গুৱাহাটী গঢ়াৰ সংকল্প লয়। ইয়াৰ উপৰিও পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই চাফাই অভিযানত ভাগ লোৱা সকলোৱকে শুভেচ্ছা জ্ঞাপন কৰে আৰু আগন্তুক দিনটো যাতে এই তৎপৰতা অব্যাহত থাকে তাৰ কামনা কৰে।