গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS কোষৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছতা অভিযানৰ ‘স্বচ্ছতা হি সেৱা’ অভিযানৰ অংশ হিচাপে ৩০ ছেপ্টেম্বৰত ব্ৰহ্মপুত্ৰ নদীৰ পাণ্ডু ঘাটত ব্ৰহ্মপুত্ৰ নদীৰ চাফাই কাৰ্যসূচী অনুষ্ঠিত কৰে। স্বাভাৱ স্বচ্ছতা, সংস্কাৰ আদি বিষয়বস্তুৰে ১৭ ছেপ্টেম্বৰৰ পৰা চলি থকা ‘স্বচ্ছতা হি সেৱা’ অভিযানৰ দুই অক্টোবৰত সামৰণি পৰিব। কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নতুন দিল্লীৰ NSSৰ সঞ্চালিকা ভনীতা ছুদে তেওঁৰ বক্তব্যত কয় যে স্বচ্ছতা হি সেৱা ২০২৪ৰ লক্ষ্য হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰিৱেশ পৰিচালনাৰ গুৰুত্বৰ বিষয়ে অধিক সজাগতা সৃষ্টি কৰা।
অনুষ্ঠানত ভাগ লৈ NSSৰ উত্তৰ পূব মণ্ডলৰ আঞ্চলিক সঞ্চালক এম জংজিলঙে সকলোকে স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়। তেনেদৰে অনুষ্ঠানত ভাগ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা NSSৰ কাৰ্য্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে কয় প্লাষ্টিকৰ দৰে কৃত্ৰিম আৱৰ্জনা আমাৰ পৰিৱেশ, মাটিৰ উৰ্বৰতা আৰু সাগৰীয় জীৱৰ বাবে অতি বিপজ্জনক। NSS উত্তৰ পূব মণ্ডলৰ যুৱ বিষয়া নকুল চন্দ্ৰ দেউৰী , এম ৱাই এ এছৰ শাখা বিষয়া আয়ুষী শৰ্মা, পাণ্ডু মহাবিদ্যালয়ৰ NSSৰ কাৰ্যসূচী বিষয়া’ ড০ শান্তনু ৰায় চৌধুৰীৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩০০ NSS স্বেচ্ছাসেৱক, গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ NSS গোট,পাণ্ডু মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, এছ বি দেওৰা মহাবিদ্যালয়, ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজৰ স্বেচ্ছাসেৱক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। NSSৰ স্বেচ্ছাসেৱক আৰু NSSৰ বিষয়া সকলে পাণ্ডুঘাটত নদীৰ পাৰত পৰি থকা প্ৰায় ৩০০ কেজি প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰে।