বিজেপি নেতাৰ ৰূপত এইবাৰ ড্ৰাগছ ব্যৱসায়ী। প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ ঘনিষ্ঠ নেতা ৰঙিয়া আৰক্ষীৰ জালত। কামৰূপ আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ উদিয়ানাৰ পৰা আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী যুৱক তথা বিজেপি নেতা প্ৰদীপ চৌধুৰীক।
লগতে দহৰাৰ ৰুবুল আলী, আফচাৰ আলী, জিয়াউৰ ৰহমান আৰু পিতাম্বৰ হাটবজালীৰ চাইদুৰ ৰহমানক আটক কৰে আৰক্ষীয়ে। শনিবাৰে ড্ৰাগছ ব্যৱসায়ী কেইজনক থানাৰ পৰা ৰঙিয়া ন্যায়িক দণ্ডাধীশৰ আদালতলৈ নিয়াৰ পথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
আৰক্ষীয়ে ধৃত ৫ ব্যৱসায়ীক আদালতলৈ নিয়াৰ মুহূৰ্তত আৰক্ষীক বাধা প্ৰদান কৰে ধৃত ব্যৱসায়ীকেইজনৰ পৰিয়ালে। থানা চৌহদৰ গেট বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
আৰক্ষীয়ে নিয়ন্ত্ৰিত কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীক কোনো পধ্যেই কেৰেপ নকৰে পৰিয়ালৰ লোকে । পিছত আৰক্ষীয়ে বহু চেষ্টা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে এগৰাকী প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভৱেশ কলিতাৰ ঘনিষ্ঠ নেতাই যদি ড্ৰাগছ ব্যৱসায়ত জড়িত হয় ! তেন্তে সাধাৰণ জনতাক মাৰ্গ দেখুৱাব কোনে?