ৰাজ্যবাসীলৈ সুখবৰ। অসম চৰকাৰে অচিৰেই ৰাজ্যখনৰ ২ লাখ নিৱনুৱাক চাকৰি প্ৰদান কৰাৰ কথা ঘোষণা কৰে।
শেহতীয়াকৈ অসম বিধানসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত নিৱনুৱাসকলক চাকৰি প্ৰদান কৰাৰ সন্দৰ্ভত মত প্ৰকাশ কৰে। অনাগত দিনত ২ লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিব । ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত প্ৰথমে ১ লাখ নিবনুৱাক চাকৰি দি বাকী ১ লাখক অনাগত তিনিবছৰৰ ভিতৰত নিযুক্তি দিয়া হ’ব ।
অনহাতে চলিত বৰ্ষতে বিজেপি নেতৃত্বাধীন ৰাজ্য প্ৰথম চৰকাৰখনে যোৱা ৫ ফেব্ৰুৱাৰীৰ দিনটোতে ২৯,৭০১গৰাকী শিক্ষকক নিযুক্তি দিয়ে। এই সর্ববৃহৎ নিযুক্তি সমাৰোহত ১৬,৮৪৮ গৰাকী শিক্ষকক প্রাদেশিকীৰণৰ জৰিয়তে আৰু ১৩,২১৭গৰাকী টেট উত্তীর্ণক আনুষ্ঠানিকভাৱে নিযুক্তি পত্র বিতৰণ কৰা হৈছিল।