মাজুলীৰ ফেৰী দুর্ঘটনাত প্রাণ হেৰুওৱা দুগৰাকী ব্যক্তিৰ নিকটাত্মীয়ক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অলপতে তেওঁৰ কার্যালয়ৰ সভাগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত নিযুক্তি-পত্র বিতৰণ কৰে৷ উল্লেখযোগ্য যে ২০২১ চনৰ ৮ ছেপ্টেম্বৰত নিমাতীঘাটত হোৱা ফেৰী দুর্ঘটনাত পৰিমিতা দাস, ইন্দ্রেশ্বৰ বৰা আৰু ডাঃ বিক্রমজিৎ বৰুৱা নামৰ তিনিগৰাকী লোকে প্রাণ হেৰুৱাইছিল৷
যোৱা ১০ ডিচেম্বৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকতে উক্ত দুর্ঘটনাত প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ এজনকৈ নিকটাত্মীয়ক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল৷ সেইমর্মে মুখ্যমন্ত্রী ড০ শর্মাই প্রয়াত পৰিমিতা দাসৰ ভগ্নী মধুমিতা দাস আৰু প্রয়াত ইন্দ্রেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰা সেনাপতিক চাকৰিৰ নিযুক্তি-পত্র বিতৰণ কৰে৷ মধুমিতা দাসক ৰাজ্যিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদ চমুকৈ এছ চি ই আৰ টিত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি দিয়াৰ লগতে ৰূপৰেখা বৰা সেনাপতিক তেওঁৰ গৃহ জিলাৰ এখন বিদ্যালয়ত চতুর্থ শ্রেণীৰ চাকৰিত নিযুক্তি দিয়ে৷
দুর্ঘটনাটোত প্রাণ হেৰুওৱা তৃতীয়গৰাকী ব্যক্তি ডাঃ বিক্রমজিৎ বৰুৱা যিহেতু চৰকাৰী চিকিৎসালয়ৰ এগৰাকী চিকিৎসক আছিল, সেয়েহে তেওঁৰ পৰিয়ালে মৃতকৰ অৱসৰৰ বয়সলৈকে সম্পূর্ণ দৰমহা লাভ কৰি থাকিব৷ নিযুক্তি-পত্র বিতৰণ কৰি মুখ্যমন্ত্রী শর্মাই কয় যে মানৱ জীৱন হেৰুওৱা ঘটনাৰ প্রতি ৰাজ্য চৰকাৰখনৰ সহানুভূতি আৰু সংবেদনশীলতাৰ প্রতীক হিচাপে তথা ভুক্তভোগী পৰিয়ালক সহায় কৰিবৰ বাবে চৰকাৰে মৃতকৰ পৰিয়ালৰ যোগ্য নিকটাত্মীয়ক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত লৈছিল৷ নিযুক্তি-পত্র লাভ কৰা দুয়োগৰাকী ব্যক্তিয়ে যাতে কোনো বিভাগৰ ওচৰলৈ নোযোৱাকৈ প্রথম দৰমহা সময়মতে লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ শিক্ষা বিভাগক নির্দেশ দিয়াৰ কথা সদৰী কৰে৷