ৰাজ্যত দিনক দিনে বৃদ্ধি হৈ গৈ আছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা।
বিগত ২৪ ঘণ্টাত অসমত পুনৰ ক’ৰোনাত আক্ৰান্ত হৈছে ৬৩৯ জন লোক।
ইয়াৰে কামৰূপ(মেট্ৰ’)ৰ ৩৫৪ জন,কামৰূপ গ্ৰাম্য ৩৫ জন।
বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে ৫,২৭৮ গৰাকী ক’ৰোনা সংক্ৰমিত লোক।
ইফালে সোমবাৰে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত এখন জৰুৰী বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,
অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, মুখ্য সচিব জিষ্ণু বৰুৱাৰ লগতে ৰাজ্য চৰকাৰৰ প্ৰায় সকলো শীৰ্ষ বিষয়া।
ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এই বৈঠকখনত মিলিত হয়।
লগতে বৈঠকত সৰ্বানন্দ সোণোৱালে মন্তব্য প্ৰদান কৰে যে, কাইলৈৰ দিনটো হ’ব অসমবাসীৰ কাৰণে গুৰুত্বপূৰ্ণ।
কাৰণ কাইলৈ দিনটোতে সংবাদমেল সম্বোধন কৰি মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানে শেহতীয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেতবোৰ নীতি-নিৰ্দেশনা ঘোষণা কৰিব।
লগতে আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা হ’বনে নহয়, সেয়াও আনুষ্ঠানিক ঘোষণা কৰা হ’ব।
বৈঠকৰ শেষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল’কডাউন নহ’ব বুলি পোনপটীয়াকৈ উল্লেখ নকৰিলে।
ল’কডাউন হোৱা পৰিবেশ যাতে নাহে, সেইটো সকলোৱে চিন্তা কৰিব লাগে বুলি উল্লেখ কৰে।
‘ মাস্ক পৰিধান, সামাজিক দূৰত্বত, হাত চেনিটাইজ কৰাৰো আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।
Photo: Headline8