সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী পদৰ বাবে শপত গ্ৰহণৰ পিছতে মঙলবাৰে প্ৰথমবাৰলৈ বিজেপি মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে হিমন্ত বিশ্ব শৰ্মা।
তেওঁৰ লগত আছে ৰাজ্যিক সভাপতি তথা নৱনিৰ্বাচিত কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস।
ইফালে আজি নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক হোৱাৰ কথা আছিল যদিও এইপৰ্যন্ত মন্ত্ৰীসকলে কেবিনেট বৈঠক সন্দৰ্ভত কোনোধৰণৰ জাননী লাভ কৰা নাই। এই মন্তব্য প্ৰদান কৰে ৰণজিৎ কুমাৰ দাসে।
আনহাতে মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ সন্দৰ্ভত ছচিয়েল মিডিয়াত যিখন তালিকা প্ৰকাশ পাবলৈ ধৰিছে সেইখনত কোনো সত্যতা নাই বুলিও জানিবলৈ দিয়ে নৱনিৰ্বাচিত কেবিনেট মন্ত্ৰীগৰাকীয়ে।
Photo: Headline8