আলফা (স্ৱাধীন)ৰ দ্বাৰা অপহৃত বৰহোলাৰ ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাসগৃহত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে ৰিতুল শইকীয়াৰ অসুস্থ মাতৃৰ স্বাস্থ্যৰো বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে আহি ন পাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অৱতৰণ কৰি পোনে পোনে অপহৃত ONGCৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ বাসগৃহলৈ যায়।
উল্লেখ্য, অপহৃত ONGCৰ কৰ্মচাৰী ৰিতুল শইকীয়া ম্যানমাৰত আছে আৰু ভালে আছে বুলি জনাইছিল মুখ্যমন্ত্ৰীয়ে। অসম চৰকাৰে যথাসম্ভৱ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰিতুল শইকীয়াক উভতাই আনিবলৈ।
উল্লেখযোগ্য যে, ২১ এপ্ৰিলৰ নিশা আলফা স্বাধীনে ৰিতুলৰ লগতে মোহিনী গগৈ আৰু অলকেশ শইকীয়া নামৰ আন দুজন ONGCৰ কৰ্মচাৰীকো অপহৰণ কৰিছিল। বাকী দুজনক আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এই পৰ্যন্ত কোনো সন্ধান নাই ৰিতুল শইকীয়াৰ।
অসম আৰক্ষীয়ে দাবী কৰিছিল যে আলফা স্বাধীনৰ জিম্মাতে আছে ৰিতুল শইকীয়া। কিন্তু আৰক্ষীৰ এই দাবী লগে লগে নস্যাৎ কৰিছিল পৰেশ বৰুৱাই।
কিছুদিন পূৰ্বে অৰ্থাৎ ১৩ মে’ত মাজুলীৰ আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰিতুল শইকীয়াৰ পত্নী আৰু ভাতৃক সাক্ষাৎ কৰিছিল।
মুখ্যমন্ত্ৰী @himantabiswa ই আজি @ONGC_ ৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ পত্নী আৰু ভাতৃক মাজুলী আৱৰ্ত ভৱনত তিতাবৰৰ বিধায়ক শ্ৰী ভাস্কৰজ্যোতি বৰুৱাৰ উপস্থিতিত সাক্ষাৎ কৰে।শৰ্মাই অপহৃত কৰ্মচাৰীগৰাকীৰ উদ্ধাৰৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা সকলো পদক্ষেপ লোৱা হৈছে বুলি পৰিয়ালক অৱগত কৰে pic.twitter.com/At8BgS2g8e
— Chief Minister Assam (@CMOfficeAssam) May 13, 2021
Photo: Facebook