অসম আৰু মেঘালয়ৰ মাজত দীৰ্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা বিবাদৰ সমাধান কৰাৰ বাবে তৎপৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। শুকুৰবাৰে দুয়োৰে মাজত শ্বিলঙত অনুষ্ঠিত হয় এক বিশেষ বৈঠক। বৈঠকত দুয়োখন চৰকাৰে সমস্যাটোৰ সমাধানৰ বাবে এক বাস্তৱিক দৃষ্টিভংগী গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।
আলোচনা কালত মেঘালয় চৰকাৰে ১২টা বিবদমান স্থান ৰাজ্যখনৰ অন্তৰ্গত অঞ্চল বুলি দাবী কৰাৰ বিপৰীতে অসম চৰকাৰেও সেই ঠাইবোৰ অসমৰ বুলি দাবী কৰি সেই সংক্ৰান্তীয় নথিপত্ৰ দাঙি ধৰে।
উল্লেখিত ১২টা স্থানৰ বিষয়ে এটা এটাকৈ আলোচনা কৰি সংশ্লিষ্ট দাবীবোৰ পৰ্যালোচনা কৰিবলৈ উভয় পক্ষ সন্মত হয়।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অহা ৬ আগষ্টত মেঘালয়ৰ মুখ্যমন্ত্ৰী কন’ৰাড চাংমাক গুৱাহাটীত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ বাবে আমন্ত্ৰণ জনায়।