মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গৈ উপস্থিত হৈছিল হিমন্তবিশ্ব শৰ্মা।এই ভ্ৰমণকালত তেওঁ বৈঠকত মিলিত হৈছিল পাঁচখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে।
এই বৈঠকৰ পিছতে কাজিৰঙাক লৈ অসম চৰকাৰে গ্ৰহণ কৰে কেতবোৰ বিশেষ আঁচনি। ইতিমধ্যেই এই নতুন আঁচনি আৰু পদক্ষেপসমূহৰ বিষয়ে সদৰি কৰা হৈছে।
সিদ্ধান্ত অনুসৰি উদ্যানখনত হৈ থকা চোৰাংচিকাৰ ৰোধ কৰিবলৈ দায়িত্ব দিয়া হ’ব বিশেষ DGPক। লগতে গঠন কৰা হ’ব স্পেচিয়েল টাস্ক ফ’ৰ্চ।
আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগবঢ়োৱা হ’ব দহটা ছেটেলাইট ফোন। কাজিৰঙাৰ সন্মুখৰ শাৰীৰ কৰ্মীৰ ৰেছন বৃদ্ধি কৰা হ’ব দুহেজাৰ টকালৈ।
এই সমূহ পদক্ষেপে ৰাষ্ট্ৰীয় উদ্যানখনৰ আপুৰুগীয়া জীৱ-জন্তুৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে বনকৰ্মীৰ মনোবল বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
Photo: Headline8