ৰাজ্যত বৰ্তমান চলি আছে ক’ৰোনা ভাইৰাছৰ সংহাৰী ৰূপ।
আনহাতে অসমবাসীয়ে আনন্দ উল্লাসৰ মাজেৰে পালন কৰিছে ৰঙালী বিহু।
যাৰ বাবে অসম চৰকাৰে জাৰি কৰিছিল গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা।
সেয়েহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শিল্পী সমাজ তথা ৰাজ্যবাসীলৈ ক’ৰোনা সম্পৰ্কীয় নীতি নিৰ্দেশনা সমূহ উলংঘা নকৰিবলৈ অনুৰোধ জনাইছে।
লগতে তেওঁ উল্লেখ কৰে যে সকলো নীতি নিৰ্দেশনা মানি বিহুত উদযাপন কৰক।
তেতিয়াহে বিহু উদযাপন কৰাত আমাৰ উদ্দেশ্য সফল হ’ব।
চৰকাৰৰ নীতি নিৰ্দেশনা সমূহ মানি নচলিলে ৰাজ্যবাসী বিপদৰ সন্মুখীন হব ।
Photo Credit: Google