খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীৰ লগতে অন্যান্য বিভাগীয় মন্ত্ৰীয়ে প্ৰায় ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত তুলি দিব বিভিন্ন বিভাগৰ অধীনত চৰকাৰী নিযুক্তি পত্ৰ।
গৃহ বিভাগত ৮,৮৬৭টা, প্ৰাথমিক শিক্ষা বিভাগত ৭,৪২২টা, মাধ্যমিক শিক্ষা বিভাগত ৩,৫১৭টা, উচ্চ শিক্ষা বিভাগত ১২৪টা, জনস্বাস্থ্য কাৰিকৰী বিভাগত ৩৩০টা, জলসম্পদ বিভাগত ১০৫টা, সমাজ কল্যান বিভাগত ৬৯টা, স্বাস্থ্য বিভাগত ২,৪১৯টা, কৃষি বিভাগৰ ৫৫, পৰিৱেশ আৰু বন বিভাগৰ ২৩, লোক নিৰ্মাণ বিভাগৰ ৮, খনি আৰু খনিজ পদাৰ্থ বিভাগত ২, শ্ৰমিক কল্যান বিভাগৰ ১৭টা পদৰ বাবে আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হব।