আজি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখনি সংবাদ মেল সম্বোধন কৰে। হাইস্কুল শিক্ষান্ত অৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে , “ এইবাৰ পৰীক্ষাত পাছ কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ চাকৰি পোৱা নোপোৱাৰ প্ৰশ্নটোক লৈ কিছু ভুল বুজাবুজিৰ সৃষ্টি হৈছে। সকলোৱে চাকৰি লাভ কৰিব, কেৱল টেটৰ চাকৰিৰ ক্ষেত্ৰতহে এটি বিশেষ অসুবিধা আছে”।
যিহেতু টেট পৰীক্ষাত মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ নম্বৰৰ বিশেষ গুৰুত্ব থাকে সেইবাবেই এই পৰীক্ষাটোৰ ক্ষেত্ৰত অতি বিশদভাৱে চিন্তা-চৰ্চা কৰিবলগীয়া হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে যদিহে সকলোকে যোগ্য বুলি ঘোষণা কৰা হয় তেন্তে অনাগত ১০ টা বছৰত এইটো বেটছৰ বাহিৰে কোনো বেটছৰ পৰিক্ষাৰ্থীয়ে অসমত চাকৰি নাপাব। অসমৰ ৪ লাখ চাকৰি এইটো বেটছৰ ৪ লাখ ল’ৰা – ছোৱালীয়েই পাই থাকিব। কিয়নো এই মূল্যায়নত সকলো ছাত্ৰ-ছাত্ৰীয়ে ৯০-৯৫-১00 শতাংশ নম্বৰ লাভ কৰিব। সেইবাবেই পৰীক্ষা অনুষ্ঠিত কৰাটো জৰুৰী। পূৰ্বৰ আৰু আগন্তক বৰ্ষসমূহৰ পৰীক্ষাৰ্থীসকলৰ ৰ্স্বাৰ্থজনিত বিষয়সমূহো তন্ন তন্নকৈ বিবেচনা কৰি চৰকাৰে এই মূল্যায়ন নীতি প্ৰস্তুত কৰা বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।