আজি প্ৰতিখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এক বৈঠকত মিলিত হয়। বৈঠকত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তসহ ১১৯ গৰাকী পৰিদৰ্শক আৰু ১৯৭ গৰাকী উপ- পৰিদৰ্শক উপস্থিত থাকে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষী থানাসমূহৰ লগতে ভাৰপ্ৰাপ্ত বিষয়াসকলৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্য সিদ্ধান্তসমূহ হ’ল- –
> এতিয়াৰে পৰা থানাৰ প্ৰতিটো গোচৰৰ দায়িত্ব ভাৰপ্ৰাপ্ত বিষয়াসকলৰ হতত ন্যস্ত থাকিব।নিম্ন পৰ্যায়ৰ বিষয়াসকলৰ সৈতে এওঁলোকে সু সম্পৰ্ক বজাই ৰাখিব লাগিব।
>সকলো ভাৰপ্ৰাপ্ত বিষয়াক পাৰদৰ্শিতাৰ ভিত্তিত ২ বছৰৰ মূৰে মূৰে বদলি কৰা হ’ব।
>তিনি মাহৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন থানাক এখনকৈ বাহন যোগান ধৰা হ’ব।
>প্ৰতিখন আৰক্ষী থানাক প্ৰতি বছৰে ২৫ লাখ টকাকৈ আগবঢ়াব চৰকাৰে। থানাৰ গাড়ীৰ বাবে ইন্ধন তথা অন্যান্য খৰছ এই ধনৰ পৰা কৰিব লাগিব।
>প্ৰতিখন থানাক দিয়া হ’ব ৩ টাকৈ কম্পিউটাৰ।
>দুৰ্নীতি হোৱা মানে ভাৰপ্ৰাপ্ত বিষয়ই আপোচ কৰা বুলি জ্ঞান কৰা হ’ব।
উল্লেখ্য যে অসমৰ ইতিহাসত কোনো মুখ্যমন্ত্ৰীয়ে এইদৰে থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰা এয়াই প্ৰথম। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তেওঁ এতিয়াৰ পৰা নিজেই প্ৰতিখন থানাৰ সুবিধা-অসুবিধাৰ বুজ লৈ থাকিব।