জনতা ভৱনত শনিবাৰে পুৱাই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ক’ভিড পৰিস্থিতি আৰু ভেকচিন সন্দৰ্ভত এখনি সংবাদমেলৰ আয়োজন কৰে।
জিলাসমূহৰ প্ৰশাসন, আৰু উপায়ুক্তসকলৰ সৈতে আলোচনাত বহাৰ পাছতে তেওঁ সম্বোধন কৰে এই সংবাদমেল।
সংবাদমেলৰ ঘোষণা অনুসৰি- –
এতিয়াৰে পৰা দুটা সময় ভাগত দিয়া হ’ব ভেকচিন।
পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ ভেকচিন প্ৰদান কৰা হ’ব।
এমাহত ৯০ লাখ লোকে লাভ কৰিব ভেকচিন।
সোমবাৰৰ পৰা প্ৰতিদিনাই ৩ লাখ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে।
এতিয়াৰে পৰা টীকাকৰণ কেন্দ্ৰতে হ’ব অনলাইন পঞ্জীয়ন।
আনহাতে স্বাস্থ্যকৰ্মীয়ে প্ৰতিদিনাই লাভ কৰিব ১০০ টকাকৈ।
মুখ্যমন্ত্ৰীয়ে ১ জুলাইৰ পৰা চৰকাৰী কাৰ্যালয়সমূহ খুলিব বুলি ঘোষণা কৰি
চৰকাৰী কৰ্মচাৰীসকলক সোনকালেই ভেকচিন ল’বলৈ আহ্বান জনায়।
তেওঁ কয় যে শুকুৰবাৰৰ দিনটোত ১ লাখ ১৬ হাজাৰ ভেকচিন প্ৰদান কৰা হৈছে আৰু এতিয়ালৈ ৰাজ্যখনৰ প্ৰায় ৫০ লাখ লোকক দিয়া হৈছে ভেকচিন।