আলোচনাৰ মাধ্যমেৰে আন্তঃৰাজ্যিক সীমা বিবাদৰ স্থায়ী সমাধান অনাৰ লক্ষ্য হিচাপে অসম-মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে লোৱা পদক্ষেপৰ অগ্ৰগতিৰ বিষয়ে ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিবর্গৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়।
উল্লেখ্য যে, অসম-মেঘালয় সীমান্তৰ ক্ষেত্ৰত ইতিমধ্যে চিনাক্ত কৰা ১২টা বিবাদিত এলেকাৰ বৰ্তমান ছটা অঞ্চল চূড়ান্ত নিষ্পত্তিৰ বাবে ধার্য কৰা হৈছে। এই অঞ্চলবোৰৰ ভিতৰত আছে হাহিম, গিজাং, তাৰাবাৰী, বাখালাপাৰা, খানাপাৰা-পিলিংকাটা আৰু ৰাতাচেৰা।
বিষয়টোত সম্পূৰ্ণ আৰু চূড়ান্ত মীমাংসা আনিবলৈ দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে তিনিখন আঞ্চলিক সমিতি গঠন কৰা হৈছিল। আঞ্চলিক সমিতিসমূহৰ পৰামৰ্শ আৰু মুখ্যমন্ত্ৰী পৰ্যায়ৰ বহুকেইখন আলোচনা বৈঠকৰ ওপৰত ভিত্তি কৰি এক ৰূপৰেখা বিকশিত কৰা হৈছে।
এই বৈঠকত মন্ত্ৰী ডা: ৰণোজ পেগু, অশোক সিংহল তথা মাননীয় বিৰোধী দলৰ নেতা দেৱব্রত শইকীয়া, কেইবাগৰাকী মাননীয় বিধায়ক, মাননীয় মুখ্য সচিব জিষ্ণু বৰুৱা, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া আৰু কংগ্ৰেছ, চি পি আই(এম), বিজেপি, অগপ, এ আই ইউ ডি এফ, বি পি এফ, ইউ পি পি এলকে ধৰি ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত আছিল।