• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

খাকী পোছাকত কয়লাৰ দাগ

Manoranjan Majumder by Manoranjan Majumder
February 8, 2021
in অসম, ক্ৰাইম, সংবাদ
1 min read
0
খাকী পোছাকত কয়লাৰ দাগ
Share on FacebookShare on Twitter

বিধানসভা নিৰ্বাচন দুৱাৰদলিত! যিমানেই নিৰ্বাচনৰ দিন ওচৰ চাপিছে সিমানে ৰাজ্যত অবৈধ কয়লাৰ সৰবৰাহো বৃদ্ধি হ’বলৈ ধৰিছে।

কি মিডিয়া হাউছৰ স্বত্ত্বাধিকাৰী, কি শীৰ্ষ আৰক্ষী বিষয়া, কি শ্ব’ৰূমৰ স্বত্ত্বাধিকাৰী সকলোৰে নাম সাঙোৰ খাই আহিছে এই ছিণ্ডিকেটত।

এইবাৰ এই ছিণ্ডিকেটৰ নেতৃত্ব লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে খোদ অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ অনা-অসমীয়া বিষয়াৰ বিৰুদ্ধে।

বৰাক উপত্যকা আৰু গুৱাহাটীৰ বেলতলা এই দুই স্থানৰ পৰা ক’লা হীৰাৰ অবৈধ ছিণ্ডিকেট গঢ়ি উঠাৰ অভিযোগ উত্থাপন হৈছে।

এই অভিযোগ অনুসৰি মহানগৰীৰ বেলতলাত মেঘালয়ৰ পৰা প্ৰৱেশ কৰা অভাৰ লডিং আৰু চালানবিহীন প্ৰতিখন ট্ৰাকৰ পৰা ছিণ্ডিকেটৰ কাম চলোৱা চক্ৰটোৱে ১৮ৰ পৰা ২০ হাজাৰ টকাকৈ সংগ্ৰহ কৰি এটা মিডিয়া হাউছৰ স্বত্বাধিকাৰীক দিয়ে আৰু এইজনৰ পৰা যায় শীৰ্ষ আৰক্ষী বিষয়ালৈ।

পূৰ্বে এই ছিণ্ডিকেটৰ সৈতে জড়িত হৈ আছিল বেলতলাৰ স্থানীয় কেইজনমান যুৱক কিন্তু এতিয়া এই চক্ৰটোৰ সৈতে জড়িত হৈছে বহিঃৰাজ্যৰ যুৱক।

এই চক্ৰটোক নেতৃত্ব প্ৰদান কৰে শিৱসাগৰৰ মৰাণ চেপনৰ মানস চেতিয়া আৰু ছয়মাইলৰ এটা ট্ৰেক্টৰ শ্ব’ৰূমৰ স্বত্ত্বাধিকাৰী জনৈক বিশ্বজিৎ পাঠকে।

ইয়াৰ পিছত মেঘালয়ৰ পৰা বেলতলা হৈ এই ট্ৰাকসমূহ যায় জালুকবাৰীলৈ।

ইয়াৰ পিছত আৰম্ভ হয় টকাৰ লেন-দেন। জালুকবাৰীৰ পৰা এই ছিণ্ডিকেট চক্ৰটোৱে ১৫ হাজাৰ টকাৰ বিনিময়ত এই ট্ৰাকসমূহ শ্ৰীৰামপুৰ গেট পাৰ কৰোৱাই বহিঃৰাজ্যলৈ প্ৰেৰণ কৰে।

কিন্তু বৰ্তমান উল্লেখযোগ্য কথাটো হৈছে যে, চক্ৰটোৱে এইবাৰ পূৰ্বৰ ছিণ্ডিকেটৰ লগত জড়িত বেলতলাৰ স্থানীয় যুৱকসকলক নস্যাৎ কৰি অনা-অসমীয়া মিডিয়া হাউছৰ স্বত্ত্বাধিকাৰী, অনা-অসমীয়া শীৰ্ষ আৰক্ষী বিষয়া, অনা-অসমীয়া শীৰ্ষ পৰিবহন বিষয়াই এই ছিণ্ডিকেট আৰম্ভ কৰাৰ ফলত এই বিষয়টোক লৈ সমগ্র বেলতলা অঞ্চলতেই এক উত্তেজনাৰ সৃষ্টি হৈছে।

ইয়াৰ পিছতে বেলতলাত যিকোনো সময়তেই এক ব্যাপক সংঘৰ্ষ সৃষ্টি হোৱাৰ সম্ভাৱনাই যথেষ্ট।

কেৱল এয়াই নহয় মেঘালয়ৰ পৰা কৰিমগঞ্জৰ মালিধৰ চেক-পোষ্ট পাৰ কৰাবলৈ এই ছিণ্ডিকেট চক্ৰটোৱে প্ৰতিখন অবৈধ কয়লা ভৰ্তি ট্ৰাকৰ পৰা ৭০ হাজাৰকৈ টকা সংগ্ৰহ কৰে।

এই বৰাকৰ কয়লা চিণ্ডিকেট চক্ৰটোৰ মূল কাণ্ডাৰী মেডিয়া হাউচৰ স্বত্ত্বাধিকাৰীৰ অতি ঘনিষ্ঠ বুলি পৰিচিত জনৈক কৈলাশ কলিতা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, এই কয়লা ছিণ্ডিকেটৰ লগত পূৰ্বে জড়িত হৈ থকা আত্মসমৰ্পণকাৰী আলফা নেতা অকন স্বৰ্গীয়াৰী, ফণীন্দ্ৰ মেধি(লেবু)ক এই অনা-অসমীয়া চক্ৰটোৱে অতি কৌশলপূৰ্ণভাৱে আঁতৰাই দিয়াৰ ফলত সমগ্র বেলতলাৰ স্থানীয় কয়লা ব্যৱসায়ী আৰু যুৱকসকল খৰ্গহস্ত হৈ পৰিছে।

Photo: Google

Tags: AssamCoal Syndicateঅসমকয়লা ছিণ্ডিকেট
Previous Post

ড্ৰাইভিং লাইচেঞ্চ লাভৰ নতুন নিয়ম; অধিক জানিবলৈ ক্লিক কৰক…

Next Post

পুনৰ ১,২০০টা টুইটাৰ একাউণ্ট বন্ধ…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
twitter

পুনৰ ১,২০০টা টুইটাৰ একাউণ্ট বন্ধ...

Alfa

মোৰ স্বামীক মুকলি কৰি দিয়ক, নহ’লে আমাকো মাৰি পেলাওক; আলফা স্বাধীনলৈ কাতৰ আহ্বান এগৰাকী মহিলাৰ

Assam Police

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8