অতি শীঘ্ৰে দেশত প্ৰযোজ্য হ’বলৈ গৈ আছে ড্ৰাইভিং লাইচেন্স লাভৰ নতুন নিয়ম ।
এই নিয়ম অনুসৰি আপুনি নিদিলেও হ’ব গাড়ী চালনাৰ পৰীক্ষা। জানিব পৰা মতে, চৰকাৰে ড্ৰাইভিং লাইচেঞ্চ লাভ কৰাৰ ক্ষেত্ৰত গাড়ী চলোৱাৰ পৰীক্ষা দিয়া নিয়ম ৰাখিব বিচৰা নায়।
উল্লেখযোগ্য যে, কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰা মতে, চৰকাৰে শীঘ্ৰে দেশত কেতবোৰ বিশেষ ড্ৰাইভিং প্ৰশিক্ষণ প্ৰতিষ্ঠানক অনুমোদিত প্ৰতিষ্ঠান হিচাপে স্বীকৃতি প্ৰদান কৰিব।
চৰকাৰে অনুমোদিত প্ৰশিক্ষণ প্ৰতিষ্ঠানে গাড়ী চালনাৰ শিক্ষাগ্ৰহণৰ অন্তত দিয়া প্ৰমাণ পত্ৰৰ ভিত্তিতে ড্ৰাইভিং লাইচেঞ্চ প্ৰদান কৰা হ’ব।
উল্লেখ্য, অনুমোদিত প্ৰতিষ্ঠানসমূহত সফলতাৰে গাড়ী চলোৱাৰ প্ৰশিক্ষণ লাভ কৰা সকলে পৰৱৰ্তী সময়ত ড্ৰাইভিং লাইচেঞ্চ লাভ কৰাৰ বাবে গাড়ী চালনাৰ কোনো পৰীক্ষা দিব নালাগে।
ইয়াৰোপৰি জানিব দিয়ে যে, এগৰাকী লোকে গাড়ীচালনাৰ প্ৰশিক্ষণ দিয়া প্ৰতিষ্ঠানত কমেও ২৯ ঘণ্টাৰ প্ৰশিক্ষণ ল’ব লাগিব।