উত্তৰ পূৰ্বাঞ্চলৰ শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আজি তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ক’ভিড পৰিস্থিতিৰ বুজ লয়। এই ভাৰ্চুৱেল বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকে।
মোডীয়ে ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰসমূহে কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগিব বুলি মত পোষণ কৰে। তেওঁ জনসমাগমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তথা এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ মাইক্ৰ’ লেভেলত কাম কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ প্ৰতি আহ্বান জনায়।