ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ NCCৰ বায়ু শাখাৰ গুৱাহাটীস্থিত ৪৮ আসাম নেভেল NCC ইউনিটৰ উদ্যোগত বি এইচ বি মহাবিদ্যালয় চৌহদত অনুষ্ঠিত ২০২৩ বৰ্ষৰ দহদিনীয়া সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰৰ ২৪ জুনত সামৰণি পৰে। ১৫ জুনৰ পৰা অনুষ্ঠিত শিবিৰত ইউনিটৰ অন্তৰ্গত বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ জুনিয়ৰ আৰু চিনিয়ৰ ডিভিজনৰ মুঠ ৭২৯ জন কেডেটে ভাগ লৈছিল। আনহাতে ইউনিটৰ কমাণ্ডিং অফিচাৰ লেফটেনেন্ট কমাণ্ডাৰ দেবানন্দ দলেৰ নেতৃত্বত অনুষ্ঠিত শিবিৰত কেডেট সকলক নৌকা চালনা, পেৰেড, ড্ৰিল, সামূহিক দৌৰ, যোগ, ব্যক্তিত্ব বিকাশ, শাৰীৰিক অনুশীলন, ব্যায়ামৰ উপৰিও দৈনিক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল। য’ত কেডেট সকলে বিহু, বাগৰুম্বাকে ধৰি নিজৰ নিজৰ জনগোষ্ঠীৰ কৃষ্টি – সংস্কৃতি প্ৰদৰ্শন কৰিছিল।
তেনেদৰে NCCৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ বিগ্ৰেডিয়াৰ দিনকৰ দীঘেই ১৭ জুনত চিবিৰ পৰিদৰ্শন কৰি কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ সৈতে মত- বিনিময় কৰে। দিনকৰ দীঘেই চমু ভাষণত শিবিৰত কেডেট সকলে পৰৱৰ্তী সময়ত ভাৰতীয় নৌ সেনাকে ধৰি যাতে সশস্র বাহিনী, কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী, ৰাজ্যিক আৰক্ষী বাহিনীত নিজৰ যোগ্যতা, দক্ষতাৰ জৰিয়তে ভৰ্তি হৈ দেশমাতৃক সেৱা আগবঢ়াব পাৰে তাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। আনহাতে ২৪ জুনত মহাবিদ্যালয়ৰ ৰজনীকান্ত চৌধুৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নয়নজ্যোতি দাসে বিশিষ্ট অতিথি হিচাপে ভাগ লৈ কেডেট সকলক উদেশ্যি শুভেচ্ছামুলক ভাষণ প্ৰদান কৰে। লেফটেনেন্ট কমাণ্ডাৰ দেবানন্দ দলেৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে বি এইচ বি মহাবিদ্যালয়ৰ অধ্যাপক নমিতা দাস গুৰুঙে আৰু কেডেট ডায়েনা দেৱীয়ে৷ উল্লেখ্য যে অনুষ্ঠানত অসম চৰকাৰৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লছাও কিছু সময়ৰ বাবে উপস্থিত আছিল।