গুৱাহাটী মহানগৰীৰ পশ্ছিম প্ৰান্তৰ খানামূখ প্ৰাথমিক বিদ্যালয়ত গ্ৰীস্মকালীন বিদ্যালয় বন্ধৰ লগত সংগতি ৰাখি ৩ জুলাইৰ পৰা সপ্তাহযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত গ্ৰীষ্মকালীন শিবিৰৰ ১০ জুলাইত সামৰণি পৰে । খানামুখ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু অগ্ৰণী সাংস্কৃতিক কৰ্মী বদন কলিতাৰ নেতৃত্বত অনুষ্ঠিত শিবিৰত কণ কণ ছাত্ৰ – ছাত্ৰী সকলক ধ্যান ( মেডিটেচন ), সংগীত, অভিনয়, নৃত্য আৰু কলাৰ প্ৰশিক্ষণ দিয়া হৈছিল।
আনহাতে শিবিৰৰ সামৰণি উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে তেওঁলোকক প্ৰদান কৰা প্ৰশিক্ষণৰ বিষয়ে অনুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ খানামুখ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰিদীপ কুমাৰ ভট্টাচাৰ্যই ভাষণত গ্ৰীষ্ম বন্ধৰ লগত সংগতি ৰাখি ছাত্ৰ – ছাত্ৰীৰ মাজত এনে ধৰণৰ সৃজনীমূলক কৰ্মশালা অনুষ্ঠিত কৰা বাবে বদন কলিতাৰ শলাগ লয়।