বিজেপিৰ সদ্য প্রাক্তন পৌৰপতি ৰুলি শৰ্মাই নির্দলীয় হিচাবে মনোনয়ন দাখিল কৰিলে ৷ প্ৰাক্তন পৌৰ পতিৰ নেতৃত্বত বিজেপিৰ ৩ গৰাকী সদ্য প্ৰাক্তন ৱাৰ্ড সদস্যই নিৰ্দলীয় হিচাবে দাখিল কৰিলে মনোনয়ন ।
পৌৰ সভা নির্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে বিজেপিত আৰম্ভ হৈছে বিসম্বাদ । দক্ষতা সম্পন্ন প্রার্থীক টিকট নিদিয়াৰ অভিযোগ তুলি বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ সদ্য প্রাক্তন পৌৰপতি ৰুলি শৰ্মাৰ নেতৃত্বত বিজেপিৰ তিনি গৰাকী প্ৰাক্তন ৱাৰ্ড সদস্যই নির্দলীয় হিচাবে দাখিল কৰিলে মনোনয়ন।
পৌৰ সভাৰ ৪ নং ৱাৰ্ডৰ পৰা প্ৰাক্তন পৌৰপতি ৰুলি শৰ্মা, ১০ নং ৱাৰ্ডৰ পৰা উপ পৌৰপতি বিথিকা সেন, ২ নং ৱাৰ্ডৰ পৰা ৰীতা মহন্ত, ৫ নং ৱাৰ্ডৰ পৰা চেবিকা ভদ্রই মনোনয়ন দাখিল কৰে । লগতে ৬ নং ৱাৰ্ডৰ পৰা বিজেপি ত্যাগ কৰি নিৰ্দলীয় হিচাবে মনোনয়ন দাখিল কৰিছে প্ৰাক্তন
মৰ্চাৰ মণ্ডল সভাপতি দেৱজিৎ শৰ্মাই আৰু ৭ নং ৱাৰ্ডৰ পৰা বিজেপি কর্মী লাৱণ্য গগৈয়ে দল ত্যাগ কৰি মনোনয়ন দাখিল কৰিছে। উল্লেখ্য যে ৪ নং ৱাৰ্ডত মিলন বৰা নামৰ ব্যক্তিজনক বিজেপিয়ে টিকট প্ৰদান কৰিছে যদিও মিলন বৰা স্থানীয় ব্যক্তি নহয় বাবে ৰাইজৰ দাবীত সদ্য প্রাক্তন পৌৰপতি ৰুলি শৰ্মাই মনোনয়ন দাখিল কৰিলে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।