ৰহাৰ টোলগেটৰ কৰ্মচাৰী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ মাজত সংঘাত। টোলগেটৰ কৰ্মচাৰীয়ে এজেৱাইচিপিৰ সদস্যক অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে নগাঁও জিলা এজেৱাইচিপিৰ একাংশ নেতা-সদস্যই এখন ট্ৰেভেলাৰেৰে পৰিষদৰ কামত গুৱাহাটীলৈ গৈ আছিল।
ৰহা টোলগেটত VIP যোৱা পথেৰে পাৰ হৈ যাব খোজাত টোলগেটৰ কৰ্মচাৰীয়ে বাধা দিয়ে। পৰিষদৰ সদস্যসকলে নিজকে জাতীয় সংগঠনৰ বিষয়-ববীয়া বুলি পৰিচয় দিয়াৰ পিচতো টোলগেটৰ কৰ্মচাৰীয়ে অভদ্ৰ আচৰণ কৰি পৰিষদৰ সদস্যসকলক ঠেলা-গতা মৰাৰ ফলত ক্ষুব্দ হৈ পৰে পৰিষদৰ সদস্যসকল ৷ তেওঁলোকে টোলগেটৰ বিৰুদ্ধে শ্ল’গানো দিয়াৰ পিচত টোলগেটৰ কৰ্তৃপক্ষ আহি আলোচনা কৰে যদিও মীমাংসা নোলোৱাত পৰিষদে টোলগেটৰ কৰ্মচাৰীৰ বিৰুদ্ধে ৰহা থানাত এজাহাৰ দাখিল কৰে।