গণৰাজ্য দিৱসৰ শুভক্ষণত অসম তথা দেশৰ এগৰাকী বিশিষ্ট তথা জ্যেষ্ঠ সাংবাদিক, দৈনিক অসম কাকতৰ প্ৰাক্তন সম্পাদক অনিল বৰুৱালৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সন্মানীয় গণৰাজ্য দিৱস সাংবাদিকতা বটাঁ প্ৰদানৰ কথা ঘোষণা হয়।
জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱালৈ প্ৰেছ ক্লাব অৱ আছামৰ সভাপতি কৈলাশ শৰ্মা আৰু সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতাই আন্তৰিক অভিনন্দন জনোৱাৰ লগতে ৰাজ্য চৰকাৰে বৰুৱা ডাঙৰীয়ালৈ যি বিশিষ্ট সন্মান আগবঢ়াইছে তাৰবাবে অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে।