গুৱাহাটী,২২ জুলাই: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বিধানসভাত দাবী কৰে যে ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ২০১৬ চনৰ পৰা বাৰ্ষিক বাজেটত নিৰ্ধাৰণ কৰা প্ৰায় ১০০ শতাংশ ঘোষণাই কাৰ্যকৰী কৰিছে। আনহাতে কংগ্ৰেছে যোৱা তিনিটা কাৰ্যকালত মাত্ৰ ১০ শতাংশ প্ৰস্তাৱহে কাৰ্যকৰী কৰিছিল।
তেওঁ বিজেপি চৰকাৰে ৰাজ্যখনত শাসনলৈ অহাৰ পিছৰে পৰা বিধানসভাৰ বাজেট সন্দৰ্ভত একচন টেকেন ৰিপ’ৰ্টৰ উপস্থাপন কৰাটোৱে প্ৰমাণ কৰে যে ঘোষণাসমূহ কাৰ্যকৰী কৰা হৈছে ।
ৰাজ্যখনৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগে ১৬ জুলাইত বিধানসভাত ২০২১-২২ বৰ্ষৰ বাবে ৫৬৬ কোটি টকাৰ ঘাটি বাজেট উপস্থাপন কৰে কিন্তু কোনো নতুন কৰৰ প্ৰস্তাৱ নকৰে।