অসমত এতিয়া বিধানসভা নিৰ্বাচনৰ বতাহ বলিছে ৷
আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখিয়েই সকলো ৰাজনৈতিক দলে এতিয়া এটাৰ পিছত এটাকৈ ৰাইজক প্ৰতিশ্ৰুতিৰ প্ৰদান কৰিছে ৷
বৃহস্পতিবাৰে কাছাৰৰ ধলাইত অনুষ্ঠিত কংগ্ৰেছৰ কৰ্মী সভাত কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে বিধানসভাৰ নিৰ্বাচনৰ পিছত ৰাজ্যত কংগ্ৰেছ চৰকাৰ গঠন হ’লে কৃষকসকলকৰ সম্পূৰ্ণ ঋণ মাফ কৰি দিয়া হ’ব ৷ লগতে মাইক্ৰ’ ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলকো ৰেহাই দিয়া হ’ব ৷
এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ গঠন হ’লে বি পি এল পৰিয়ালক মাহেকত প্ৰদান কৰিব ৪.৫ হাজাৰকৈ টকা ৷ অসমবাসীক কংগ্ৰেছে এয়া প্ৰতিশ্ৰুতি দিয়া নাই, যেন এক অফাৰৰ বৰষুণহে বৰষাইছে ৷
উল্লেখ্য, নিৰ্বাচনৰ আগমুহূৰ্তত ৰাজনৈতিক দলসমূহে কৰা প্ৰতিশ্ৰুতি আৰু নিৰ্বাচনৰ পিছত চৰকাৰ গঠন কৰি চৰকাৰে শুই থকা অভ্যাসটো জনতাই আগৰ পৰাই শিকি থোৱা আছে ৷
কেৱল মাত্ৰ নিৰ্বাচনৰ আগমুহূৰ্ততহে ৰাজনৈতিক দলসমূহে ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷