দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ।
দৈনিক অধিক সংখ্যক লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে বহু লোকৰ।
বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণৰ বাবে চিন্তিত হৈ পৰিছে উচ্চতম ন্যায়ালয়।
ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবলৈ আজি উচ্চতম ন্যায়ালয়ে ৰাজ্য সমূহক লকডাউনৰ কথা চিন্তা চৰ্চা কৰিবলৈ পৰামৰ্শ আগবঢ়াই।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডৰ খণ্ডপীঠে জনাই যে লকডাউনৰ বাহিৰে ভাৰতত এতিয়া বেলেগ বিকল্প নাই।
সেয়ে ভাৰতৰ অৰ্থনীতিত কোনোধৰণৰ প্ৰভাৱ নপৰাকৈ লকডাউনৰ পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ দিয়ে উচ্চতম ন্যায়ালয়ে।
লগতে দেশৰ প্ৰতিষেধক প্ৰদান অভিযানত সেনা আৰু অৰ্ধসামৰিক বাহিনীকো সংযুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিয়ে উচ্চতম ন্যায়ালয়ে।
Photo Credit: Google