উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্রমিক – কৰ্মচাৰী সকলৰ প্ৰাপ্য অধিকাৰৰ হকে জন্ম লগ্নৰে পৰা মাত মাতি অহা অন্যতম ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এমপ্লয়িজ ইউনিয়ন”ৰ নিৰ্মাণ শাখাৰ প্ৰথম দ্বিবার্ষিক অধিৱেশনখন অহা ১৬ ডিচেম্বৰত মালিগাঁৱৰ ৰং ভৱনত অনুষ্ঠিত হ’ব। নিৰ্মাণ শাখাৰ সভাপতি মিলন মোহন দেউৰী আৰু সম্পাদক টংকেশ্বৰ দাসে এক বিবৃতিত জানিবলৈ দিয়া মতে সিদিনা পুৱা ৯.৩০ বজাত পতাকা উত্তোলনৰে অধিৱেশনৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হ’ব।
দিনৰ ১০.৩০ বজাৰ পৰা অধিবেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্রবন্ধক অংশুল গুপ্তা আৰু নিৰ্দিষ্ট বক্তা হিচাপে এন এফ আই আঁৰৰ যুটীয়া সম্পাদক তথা ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া উপস্থিত থাকিব। সভাত অধিবেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৰণিকাখন উন্মোচন কৰা হব। সন্ধিয়া ৫ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।