দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, সংবৰ্ধনৰ বাবে গঠন কৰা দীপৰ বিল সুৰক্ষা মঞ্চই গুৱাহাটী পৌৰ নিগমে পশ্চিম বৰাগাঁৱৰ বেলৰতলত বিগত বৰ্ষৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশকৰণৰ নিৰ্দেশ উলংঘা কৰি কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ তথা দাঁতি কাষৰীয়া ১৬ খন গাঁওৰ বাসিন্দা সকলে দুৰ্গন্ধৰ সৈতে সহাৱস্থান কৰিব লগীয়া হৈছে। আনকি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱশীষ শৰ্মাই যোৱা ফেব্ৰুৱাৰী মাহতে ডাম্পিং গ্ৰাউণ্ডত এমাহৰ ভিতৰতে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি আৱৰ্জনা পেলোৱা হব বুলি সদৰি কৰিছিল।
পৰৱৰ্তী সময়ত সেই এমাহ উকলি গৈ তিনিমাহ অতিক্ৰম কৰাত যোৱা মে’ মাহত দীপৰ বিল সুৰক্ষা মঞ্চই ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত নিগমৰ আয়ুক্ত দেৱশীষ শৰ্মাই ২৪ মে’ত দীপৰ বিল সুৰক্ষা মঞ্চৰ এটা সজাতি দলৰ সৈতে যুটীয়া ভাবে নাৱেৰে দীপৰ বিল পৰিদৰ্শন কৰি ডাম্পিং গ্ৰাউণ্ডৰ দূষিত, গেলাপঁচা আৱৰ্জনাই দীপৰ বিলক কিদৰে প্ৰদূষিত কৰি বিলখনক মৃত্যুৰ মুখলৈ ঠেলি দিছে সেই দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰি এমাহৰ ভিতৰতে দীপৰ বিলৰ পানী যাতে দূষিত নহয় তাৰ বাবে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিহে ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা পেলোৱা হব বুলি ঘোষণা কৰিছিল। কিন্তু সেই ঘোষণাও এতিয়া উকলি যাবলৈ মাজতে মাত্ৰ তিনিদিন বাকী থকা অৱস্থাত নিগমৰ ফালৰ পৰা ডাম্পিং গ্ৰাউণ্ডত কোনো ধৰণৰ নূন্যতম ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ ৰাইজ উদ্বিগ্ন হৈ পৰিছে।
আনকি এই বিষয়টো লৈ ১৯ জুনত দীপৰ বিলৰ পাৰৰ শ্ৰী শ্ৰীভাঙাৰা গোহাঁই মন্দিৰৰ সভাগৃহত দীপৰ বিল সুৰক্ষা মঞ্চৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়। মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই। উদ্যোক্তা সকলে সিদিনা দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হবলগীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত দল – মত নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে। উল্লেখযোগ্য যে বিগত দিনকেইটাত হৈ থকা বৰষুণৰ বাবে দীপৰ বিলৰ পানী ডাম্পিং গ্ৰাউণ্ডৰ সৈতে একাকাৰ হৈ পৰিছে। আনকি ওচৰতে ১০০ বিঘা ভূমিত নিৰ্মাণৰত অৱস্থাত থকা অসম আন্দোলনৰ জাতীয় শ্বহীদ উদ্যানৰ মাজৰে গৈ ডাম্পিং গ্ৰাউণ্ডৰ মাজেৰে গৈ দীপৰ বিলত পৰিছে। ফলত সম্পূৰ্ণ প্ৰদূষণৰ কবলত পৰিছে শ্বহীদ উদ্যান চৌহদ। পৰৱৰ্তী সময়ত ডাম্পিং গ্ৰাউণ্ডৰ বাবেই যে জাতীয় শ্বহীদ উদ্যানখন সংকটৰ গৰাহত পৰিব সেয়া নিশ্চিত।