লংকাৰ ৩নং কাকী মুদৈয়নী চাৰিআলিৰ সমীপৰ হাটীঘৰীয়া নামঘৰত এই কাণ্ড সংঘটিত হৈছে। উল্লেখযোগ্য যে, কাকী ঠাইচুপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওখনৰ নামঘৰ নিৰ্মাণৰ বাবে ২০১৯/২০ বৰ্ষৰ চতুৰ্থ বিত্তীয় আয়োগৰ অধীনত ৩ লাখ টকা আৱণ্টন হৈছিল। আৰু নামঘৰৰ নিৰ্মাণৰ দায়িত্ব পাইছিল ৰুনুমী দাস নামৰ এগৰাকী স্থানীয় মহিলাই। কিন্তু সোমবাৰে নিশা ৰাইজে মহিলাগৰাকীক ঘৰৰ পদুলিত অশ্লীল গালি গালাজ কৰি নামঘৰৰ দেৱাল ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে ঠিকাদাৰ ৰুনুমী দাসে।
আনহাতে গাঁৱৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে ৰুণুমী দাসে নিৰ্মাণ কৰা দেৱালৰ কাম চাবলৈ আহি হাতেৰে চুই চোৱাত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাত দেৱালখন খহি পৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।
কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, ৰাইজে ঠিকাদাৰৰ নিৰ্মাণৰ কাম কিয় দিনত চাবলৈ নাহি নিশাহে চাবলৈ আহিছিল? আনহাতে ৰুণুমী দাসে সচাই নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে নেকি চৰকাৰী আঁচনিৰ কাম সেয়া কিন্তু বিভাগীয় তদন্তৰ পিছতহে পোহৰলৈ আহিব।