ঠিকাভিত্তিক শিক্ষকৰ চাকৰি কেতিয়াও নিয়মীয়া কৰা নহয়। নিয়মীয়া আৰু ঠিকা ভিত্তিক চাকৰিৰ মাজত সদায়েই এটা পাৰ্থক্য থাকিব। আপোনালোকে নিজে নিজে কথাবিলাক নাভাবিব। দেশত আইন আছে। আইনে চলাব। সোমাওতেই আপোনালোক ভুল ঠাইত সোমাইছে। এই ক্ষেত্ৰত মোৰ পৰা আশা নাৰাখিব। ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া নহয়।’- একাংশ ঠিকাভিত্তিক শিক্ষকৰ সৈতে হোৱা কথোপথনত এনেদৰে মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
ৰণোজ পেগুৰ মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকল। ক’লা বেজ পৰিধান কৰি বিদ্যালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষকসকলে। লগতে প্ৰাপ্যৰ পৰা বঞ্চিত হ’লে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলি হুংকাৰ দিছে।
উল্লেখ্য যে, নিয়মীয়াকৰণৰ আশ্বাসেৰে ২০২০ চনৰ ১ জুলাইত ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত যোগে এইসকল শিক্ষকৰ চাকৰিৰ ম্যাদ ৬০ বছৰলৈ বৃদ্ধি কৰাৰ লগতে নিয়মীয়া শিক্ষকৰৰ সমহাৰৰ নীতি অনুসৰি দৰমহা, মেডিকেল ৰি-এমব্ৰাচমেণ্ট, আপোন ঘৰ লোণ আদি সুবিধা প্ৰদানৰ নিৰ্দেশনা প্ৰকাশ কৰা হৈছিল। কিন্তু মন্ত্ৰী ৰণোজ পেগুৱে ঠিকাভিত্তিক শিক্ষকসকলক লৈ দিয়া মন্তব্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সদৌ অসম টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সমাজে। বাস্তৱ ক্ষেত্ৰত কেবিনেট নিৰ্দেশনাৰ কোনো সুবিধা প্ৰদান কৰা হোৱা নাই সৰ্বশিক্ষাৰ শিক্ষকসকলক।