নিতৌ পুৱতি নিশা প্ৰায় শতাধিক অবৈধ কয়লা ভৰ্তি ট্ৰাক চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা সোণাপুৰৰ কমলাঝাৰী ষ্টেচনত প্ৰৱেশ কৰে আৰু ইয়াৰ পৰাই ৰে’লেৰে বহি ৰাজ্যলৈ কৰ ফাঁকিৰে সৰবৰাহ কৰা হয়। মেঘালয়ৰ পৰা পশ্চিমবংগ হৈ এই গাড়ীসমূহ বহি ৰাজ্যত যাব নোৱাৰাত অসমৰ সোণাপুৰৰ এই নতুন ৰেল পথটিৰে চিণ্ডিকেট চক্ৰই নতুন কৌশল অৱলম্বন কৰি বহি ৰাজ্যলৈ প্ৰেৰণ কৰিছে এই কয়লা। সোণাপুৰৰ কমলাঝাৰী ষ্টেচনত দৈনিক শ-শ বনুৱাই কয়লাসমূহ ৰে’লত উঠাই বহি ৰাজ্যলৈ প্ৰেৰণ কৰে।
ইতিমধ্যে অত্যাধিক বোজাবাহী ট্ৰাকসমূহে বিধ্বস্ত কৰিছে বাট-পথ। যাৰ ফলত প্ৰতিবাদমুখৰ হৈ পৰিছে অঞ্চলবাসী। ৰাইজৰ অভিযোগ একাংশ ৰাজনৈতিক নেতাৰ আশীষপুষ্ট হৈ নীতি-িনয়ম সকলোকে বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি, বাট-পথ বিধ্বস্ত কৰি সৰবৰাহ কৰিছে অবৈধ কয়লা।
শেহতীয়াকৈ মহানগৰীত কেইবাজনো কয়লা মাফিয়াক কৰ ফাঁকিৰ অপৰাধত গ্ৰেপ্তাৰ কৰাৰ সময়তে কাৰ ছত্ৰছায়াত ডিমৰীয়াৰ কমলাজাৰীৰ পৰা নিয়ন্ত্ৰণ হৈছে এই অবৈধ কয়লাৰ বেহা, সেয়া সময়তহে লক্ষণীয় হ’ব।