অৱশেষত জেললৈ যাবলৈ বাধ্য হ’ল বিতৰ্কিত শিখা শৰ্মা।
১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ল শিখা শৰ্মাক।
নক্সালবাদীৰ আক্ৰমণত নিহত হোৱা বীৰ শ্বহীদ জোৱানৰ বিৰুদ্ধে ফেচবুকত অপমানসূচক পোষ্ট দিছিল শিখা শৰ্মাই।
বীৰ জোৱান আৰু ইলেক্টিচিয়ানক একে পৰ্যায়ত ৰাখি বিতৰ্কিত মন্তব্য কৰিছিল।
তাৰ পিছতে সৃষ্টি হৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰক্ষীয়ে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰি দুদিনৰ জিম্মাত ৰাখিছিল।
আৰু অৱশেষত কালি শিখা শৰ্মাক জেললৈ প্ৰেৰণ কৰিলে মহানগৰ আৰক্ষীয়ে।
শ্বহীদক কৰা অপমানসূচক মন্তব্যৰ বাবে শিখা শৰ্মাক উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৰাজ্যবাসীয়ে
Photo Credit: Google