ৰাজ্যত নাটনি হ’ব পাৰে ৰন্ধন তথা LPG গেছ। ৰন্ধন গেছ পৰিবহণ কৰা প্ৰকল্প সন্থাৰ বিভিন্ন দাবী সমাধান নকৰাৰ বাবে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ বাবে সাতটা প্ৰকল্পত ৰন্ধন গেছ বটলিং বন্ধ হৈ পৰিব। ৰন্ধন গেছ বটলিং বন্ধ হৈ পৰিলে অৱধাৰিত ভাবেই ৰন্ধন গেছৰ নাটনিয়ে দেখা দিব। ফলত, ৰন্ধন গেছৰ বিতৰণৰ ক্ষেত্ৰত গেছ এজেন্সি সমূহ অসুবিধাৰ সন্মুখিন হব।
উল্লেখযোগ্য যে IOCL কৰ্তৃপক্ষৰ প্ৰবঞ্চনাৰ অভিযোগ তুলি এই ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।ফলত তিনিচুকীয়া, বঙাইগাওঁ, ডিমাপুৰ, শিলচৰ, মিৰ্জা, উত্তৰ গুৱাহাটীত থকা ৰন্ধন গেছৰ বটলিং ফেক্টৰী সমূহলৈ গেছ পৰিবহণত ব্যাঘাত জন্মিব।