ক’ৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে।
মহাৰাষ্ট্ৰত এই মহামাৰীৰ আটাইতকৈ অধিক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে।
ৰাজ্যখনৰ ওছমানাবাদ জিলাত এনে এক ঘটনা সংঘটিত হৈছে, যি ঘটনাই সকলোকে হতচকিত কৰি তুলিছে।
একেলগে জ্বলিল ২৩ গৰাকী মৃতকৰ চিতা
জানিবলৈ দিয়া অনুসৰি ওছমানাবাদ জিলাত ২৩ গৰাকী মৃতকৰ চিতা একেলগে জ্বলোৱা হ’ল।
এই আটাইকেইজন লোক ক’ৰোনা মহামাৰীত আক্ৰান্ত হৈছিল।
নিজৰ পৰিয়ালৰ লোকক অন্তিম বিদায় দিবলৈ বহুসংখ্যক লোক শ্মশান ঘাটত উপস্থিত হৈছিল।
ইমান লোকৰ একেলগে চিতা জ্বলি থকা দেখি লোকসকলৰ চকু সেমেকি উঠে।
উপায়হীন লোকসকলে পৰিয়ালৰ লোকসকলক পঞ্চভূতত বিলীন হোৱা চাবলৈ বাধ্য হৈ পৰিছিল।
চিতাৰ বাবে পোৱা নাই প্লেটফৰ্ম
ওছমানাবাদত পৰিস্থিতি ইমানেই বিষম হৈ পৰিছে যে চিতা জ্বলাবলৈ শ্মশান ঘাটত বিচাৰি পোৱা নাই প্লেটফৰ্ম।
যাৰ বাবে শ্মশান ঘাটত বহুকেইটা মৃতদেহ মাটিতে জ্বলাবলৈ বাধ্য হৈ পৰিল।
ইয়াৰ পূৰ্বে ১৪ এপ্ৰিলটো ১৯টা মৃতদেহ একেলগে অন্তিম সংস্কাৰ কৰা হৈছিল।
জিলাখনত ক’ৰোনা ভাইৰাছত বৰ্তমানলৈ ৬৯১জন লোকে মৃত্যুক সাৱটিছে।
Photo: PTI