ৰাজ্যত ক’ভিডৰ ভয়ংকৰ ৰূপ৷ বিশেষকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈ পৰিছে ক’ৰোনা হটস্পট৷ বিশ্ববিদ্যালয়খনৰ কেইবাটাও ছাত্ৰ-ছাত্ৰী নিৱাস কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ লগতে ডিব্ৰুগড় ভিক্টৰীয়া গাৰ্লছ এইচএছ স্কুলতো ক’ৰোনাতংক৷ ৩ দিনত ক’ৰোনাত আক্ৰান্ত হৈছে ৯গৰাকী ছাত্ৰ-ছাত্ৰী৷ বৰ্তমান প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে বিদ্যালয়খন৷ ডিব্ৰুগড়ত সোমবাৰে ১৪২জনৰ দেহত ধৰা পৰিছে ক’ভিড-১৯৷ ডিব্ৰুগড়ৰ এছপি শ্বেতাংক মিশ্ৰও ক’ৰোনাত আক্ৰান্ত বুলি জানিব পৰা গৈছে৷
ইপিনে অসমত পুনৰ ৫গৰাকী এছপি ক’ভিডত আক্ৰান্ত বুলি চিনাক্ত হৈছে৷ দুলিয়াজানত অনুষ্ঠিত হৈ যোৱা এছপি বৈঠকৰ পাছতে ইজনৰ পাছত সিজনকৈ এছপিৰ দেহত ধৰা পৰিছে ক’ভিড৷ কৰিমগঞ্জৰ এছপি পদ্মনাভ বৰুৱা, হোজাইৰ এছপি বৰুণ পুৰকায়স্থ, ডিব্ৰুগড়ৰ এছপি শ্বেতাংক মিশ্ৰ, লখিমপুৰৰ এছপিৰ বেদান্ত মাধৱ ৰাজখোৱা, বিশেষ শাখাৰ এছপি ৰিপুল দাসৰ উপৰি চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ দেহতো ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।