গুৱাহাটীত ক’ৰোনাত অধিক লোক আক্ৰান্ত হোৱা অঞ্চলকেইটা হৈছে বেলতলা, বশিষ্ঠ, ফটাশিল, আমবাৰী, বৰ্ষাপাৰা, ধীৰেনপাৰা, কুমাৰপাৰা, এ টি ৰোড, মাছখোৱা, ভূতনাথ, খানাপাৰা, পাঞ্জাবাৰী, হাতীগাঁও, উলুবাৰী, ৰিহাবাৰী, ডিজিপি কমপ্লেক্স, বিলপাৰ, ছলাপাৰা,পাণ্ডু, মালিগাঁও, নাৰেংগী, বোন্দা।
ইফালে গুৱাহাটীৰ ৮টা ৱাৰ্ড ক’ৰোনাৰ হটস্পটলৈ পৰিণত হৈছে।
এই ৱাৰ্ডকেইটা ক্ৰমে ৩, ৮, ১৪, ১৬, ২৪, ২৮, ২৯ আৰু৩১নং ৱাৰ্ড।
আজি সন্ধিয়া হটস্পটৰূপে চিনাক্ত অঞ্চলত উপায়ুক্তই কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ সম্ভাৱনা আছে।
এই সমূহসেৱা উপলব্ধ হ’ব কণ্টেইনমেণ্ট জ’নতঃ
১. কণ্টেইনমেণ্ট জ’ন ৱাৰ্ডত পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে গাখীৰ, পাচলি, ফলমূল বিক্ৰী কৰিব পাৰিব।
২. সকলোৱে মাস্ক পিন্ধিব লাগিব। পাঁচজনতকৈ বেছি লোক থাকিব নোৱাৰিব।
৩. মোবাইল ভেনেৰে মাছ, মাংস বিক্ৰী কৰিব পাৰিব কণ্টেইনমেণ্ট ৱাৰ্ডত।
৪. ফাৰ্মাচী খোলা থাকিব। হাস্পতাললৈ যাব পাৰিব।
৫. পেট্ৰ’ল পাম্প, গেছ এজেন্সী খুলিব পাৰিব।
Photo: Google