শিৱসাগৰ জিলাত বুধবাৰে আৰু দুজন ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হয়।
উল্লেখযোগ্য যে, ক’ভিড মহামাৰীৰ দ্বিতীয় ঢৌত মঙলবাৰে শিৱসাগৰ জিলাৰ প্ৰথমজন ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছিল।
বুধবাৰে মৃত্যু হোৱা দুজন ক’ভিড আক্ৰান্ত ৰোগী হৈছে ক্ৰমে শিৱসাগৰ জিলাৰ শুকানপুখুৰী অঞ্চলৰ দিচাং মাজগাঁও নিবাসী ছৈফুল আলী (৫৮) আৰু জিলাখনৰ আমগুৰি ৰাজহ চক্ৰ অন্তৰ্গত দুপদৰ নিবাসী নিৰদা বৰা (৭৫)।
শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ হৈ চিকিৎসা বিষয়া ডঃ উদ্যাদিত্য ৰাজকোঁৱৰে জানিবলৈ দিয়া মতে জিলাখনত বুধবাৰে নতুনকৈ ৫৬জন লোকক ক’ভিড পজিটিভ ৰোগী ৰূপে চিনাক্ত কৰা হৈছিল।
ইয়াকে লৈ জিলাখনত সক্ৰিয় ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা ৩৩৫লৈ বৃদ্ধি পাইছে।
বুধবাৰলৈ শিৱসাগৰত মুঠ ৬৪৩২৯ লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে।
Photo: Headline8
Input: Sanjay Parrek