যোৱা ২৪ ঘন্টাত দেশত ক’ৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ১লাখ ৬৮হাজাৰ ৬৩গৰাকী লোক। শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰি কৰিছে এই তথ্য। ইফালে দেশত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ।
যোৱা সোমবাৰে ক’ৰোনাত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আক্ৰান্ত হোৱাৰ পিছতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আক্ৰান্ত হৈছে কোৰোনাত। বিহাৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে টুইটযোগে সদৰি কৰে এই তথ্য।
উল্লেখ্য যে, অসমতো বৃদ্ধি ক’ৰোনাৰ সংক্ৰমণ। ৰাজ্যত সোমবাৰে ২১৯৮জন লোক ক’ভিড পজিটিভ ধৰা পৰে। ইয়াৰে ৭৬০জন কামৰূপ মেট্ৰ’ৰ, ১৪২জন ডিব্ৰুগড়ৰ ১৩৯জন কাচাৰৰ আৰু ১১৫জন তিনিচুকীয়াৰ। আনহাতে, সোমবাৰে দুজন ৰোগীৰ মৃত্যু হৈছে অসমত।