সুৰাপান কৰা সকলৰ ক’ৰোনাত আক্ৰান্ত হোৱাৰ আশংকা অধিক।
এনে লোকক ভাইৰাছৰ সংক্ৰমণত অহা আৰু হাস্পতালত ভৰ্তি হোৱা পৰিস্থিতিত ঔষধৰ পালি বঢ়াব লগা হৈছে।
ইয়াৰ মূল কাৰণ হ’ল সুৰাৰ পৰা শৰীৰৰ ৰোগ প্ৰতিৰোধক ব্যৱস্থা দুৰ্বল হৈ পৰে।
এনে ৰোগীৰ চিকিৎসাত নিয়োজিত চিকিৎসকে কোৱা অনুসৰি সাধাৰণ লোকৰ বিপৰীতে নিয়মিতভাৱে সুৰাপান কৰা সকল অধিক আক্ৰান্ত হৈছে।
এনে লোক হাস্পতালত ভৰ্তি হোৱাত ষ্টেৰাইড অথবা অন্য ঔষধৰ পালি বেছিকৈ দিবলগীয়া হৈছে।
এওঁলোকৰ ইমিউন ছিষ্টেম দুৰ্বল হোৱা বাবে সমস্যাই দেখা দিছে।
চিকিৎসক পি কে দাসে ক’লে যে, শৰীৰত যেতিয়া টক্সিন যায় তেতিয়া কোষবিলাক সংকুচিত হয়।
বিষাক্ত ৰসায়নৰ বাবে শৰীৰত এণ্টি অক্সিডেণ্টৰ পৰিমান হ্ৰাস পায়।
যাৰ বাবে ৰোগ প্ৰতিৰোধক ব্যৱস্থা দুৰ্বল হৈ পৰে। এনে ৰোগীসকলক ICUত সম্ভালিবলৈ নজৰ দি থাকিব লাগে।
টীকাকৰণৰ পূৰ্বে পান নকৰিব সুৰা
চিকিৎসক তুলিকা চন্দ্ৰাই ক’লে যে, সুৰা অথবা যিকোনো নিচাজাতীয় সামগ্ৰী শৰীৰৰ বাবে হানিকাৰক।
টীকা লোৱাসকলে প্ৰায় ৬ ঘণ্টা পূৰ্ব আৰু পিছত সুৰাপান কৰিব নালাগে।
Photo: Google