দেশজুৰি ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ গৈয়ে আছে।
এইখিনি সময়তে এনে লোকৰ চিকিৎসাৰ সময়ছোৱাত মানসিক চাপতো ভোগা পৰি।
এই মানসিক চাপতে ভুগি জীৱনটোত লৈ আছে চৰম সিদ্ধান্ত।
এনে এক ঘটনা উত্তৰ প্ৰদেশৰ নয়দাত ছেক্টৰ ২৭ৰ কৈলাশ হাস্পতালত সংঘটিত হৈছে।
বৃহস্পতিবাৰে নিশা হাস্পতালৰ পঞ্চম মহলাৰ পৰা এগৰাকী ক’ৰোনা সংক্ৰমিত ৰোগীয়ে জঁপিয়াই আত্মহত্যা কৰে আৰু কৰুণ মৃত্যুক সাৱটি লয়।
হাস্পতালত ভৰ্তি হৈ আছিল মৃতক
উল্লেখ্য দিল্লীৰ শ্বাহদৰাৰ বিশ্বাস নগৰ কলোনীৰ বাসিন্দা ৫৩ বছৰীয়া সুনীলক ২০২১ৰ ১৮ এপ্ৰিলত কৈলাশ হাস্পতালত ছেমী প্ৰাইভেট ৱৰ্ডত ভৰ্তি কৰোৱা হৈছিল।
ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছত হাস্পতালত তেওঁৰ চলি আছিল চিকিৎসা।
পঞ্চম মহলাৰ পৰা মাৰিলে জাঁপ
জানিবলৈ দিয়া অনুসৰি, মৃত লোকজন চিকিৎসাৰ সময়ছোৱাত মানসিক চাপত ভুগিছিল আৰু বৃহস্পতিবাৰে নিশা তেওঁ পঞ্চম মহলাৰ পৰা জাঁপ মাৰে।
সুনীলক জীৱন ৰক্ষা কৰিবলৈ চেষ্টা চলাই যদিও অৱশেষত মৃত্যুক সাৱটে।
পৰিয়ালৰ লোকে ইয়াৰ বিষয়ে আৰক্ষীক জানিবলৈ দিয়া নাই।
ক’ৰোনাত আক্ৰান্ত হোৱাৰ বাবে মৃতক মৰণোত্তৰ পৰীক্ষাও কৰোৱা নহ’ল।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
Photo: Google