মঙলবাৰে বিশেষ বিমানযোগে গুৱাহাটী আহি পোৱা ক’ৰোনাৰ ভেকচিনৰ বাবে এতিয়া সাজু হৈছে গুৱাহাটী মহানগৰী।
প্ৰথম দিনটোত কিমান জন লোকক দিয়া হ’ব ভেকচিন?
এই সন্দৰ্ভত চৰকাৰে নিৰ্দেশনা জাৰি কৰিলে।
গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰাই আৰম্ভণি হ’ব ভেকচিন প্ৰদানৰ কাৰ্যসূচী।
ভেকচিনৰ বাবে ইতিমধ্যে সাজু হৈছে জি এম চি এইছ কৰ্তৃপক্ষ।
প্ৰথম দিনটোত ১০০জন লোকক দিয়া হ’ব ভেকচিন। প্ৰথমে স্কিনিং কৰা হ’ব।
তাৰ পিছতহে ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ’ব।
ভেকচিন লোৱাৰ পিছত জি এম চি এইছৰ এটা কক্ষত নিৰীক্ষণত ৰখা হ’ব লোকসকলক।
বুধবাৰে ৰাজ্যৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছিল ক’ৰোনাৰ ভেকচিন।
উত্তৰ-পূবৰ মেঘালয় আৰু অসমৰ বাবে অনা হৈছে মুঠ ২০ টাকৈ পেকেটত ভেকচিন।
২০টাৰ ভিতৰত ১৭টা অসমৰ বাবে আৰু ৩টা মেঘালয়ৰ বাবে।
১৬ জানুৱাৰীত অসমত মুঠ ৭,৪০০ গৰাকী লোকক অসমত ভেকচিন দিয়া হ’ব।
অসমৰ ৩৩খন জিলাত সকলো চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয়ত ভেকচিন প্ৰদান কৰা হ’ব।
Photo: Google