ৰাজ্যত অব্যাহত ক’ৰোনাৰ ত্ৰাস। প্ৰতিদিনে প্ৰাণ হেৰুৱাইছে বহু লোকে।
বিগত ২৪ ঘণ্টাত অসমত ১,৯৩১ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
২৪ ঘণ্টাত অসমত ক’ৰোনাত আক্ৰান্ত হৈ ১০ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লৈছে।
বৃহস্পতিবাৰে মুঠ ৭৩,৪২৮জন লোকে ক’ভিড পৰীক্ষা কৰিছিল।
এদিনত সৰ্বাধিক লোক আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত।
জিলাখনত ৬৮০জন লোক একেদিনাই ক’ৰোনাত আক্ৰান্ত হয়।
বিগত ২৪ ঘণ্টাত ডিব্ৰুগড়ত ১৪৩জন, কামৰূপত ১৩৬জন আৰু নগাঁৱত ১০৩জন লোক আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে।
আনহাতে মৃত্যু হোৱা ১০জনৰ ভিতৰত ৩জন কামৰূপ মহানগৰ জিলাৰ আৰু দুজন কাৰ্বি আংলঙৰ।
Photo: Google