ক্ৰমাৎ জটিল হৈ আহি আছে ক’ভিডৰ পৰিৱেশ।
পূৰ্বতকৈ বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। যাৰ বাবে হ্ৰাস পাইছে গুৱাহাটীৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ বিচনা আৰু ICU।
মহানগৰীত ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে বুলিও জনালে হিমন্ত বিশ্ব শৰ্মাই।
মহানগৰীত বিশেষকৈ ৱাৰ্ড ভিত্তিত উপাযুক্তক আলোচনা কৰাৰ নিৰ্দেশ। কোনবোৰ ৱাৰ্ডত অধিক আক্ৰান্ত হৈছে তাৰ পৰিসংখ্যা আৰু বিশ্লেষণ হ’ব।
উল্লেখ্য ৰাজ্যত দিনক দিনে বৃদ্ধি পাই গৈ আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ক’ৰোনাই প্ৰাণ লৈছে বহু লোকৰ।
Photo: Google