ৰাজ্যত ক’ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৱে ইতিমধ্যে স্পৰ্শ কৰিছে।
দিনক দিনে বাঢ়ি গৈ আছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা।
ক’ৰোনাত আক্ৰান্ত হৈ বঙাইগাঁৱত এজন লোকে প্ৰাণ হেৰুৱালে।
সিদলসতীৰ ২নং জাৰাগুৰিৰ ইয়াকৎ আলী নামৰ ৫৬ বছৰীয়া লোকজনক গোৱালপাৰাৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়ত কোভিড–১৯ ধৰা পৰে ৷
মধুমেহ ৰোগত আক্ৰান্ত লোকজনৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ ফলত চিকিৎসালয় কৰ্তৃপক্ষই গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল কিন্তু পৰিয়ালৰ লোকে লোকজনক গুৱাহাটীলৈ নিয়াৰ সলনি পোনে পোনে নিজ ঘৰলৈ লৈ যায়।
পৰিয়ালৰ এই সিদ্ধান্তৰ পিছতে বুধবাৰে নিশা ইয়াকৎ আলীয়ে কৰুণ মৃত্যুক সাৱটি লয়।
ক’ভিড–১৯ আক্ৰান্ত লোকজনৰ এনেদৰে মৃত্যু হোৱাৰ পিছত অঞ্চলবাসীৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।
ইতিমধ্যে প্ৰশাসনে কোভিড প্ৰটকল অনুসৰি ইয়াকৎ আলীৰ জানাজা সম্পন্ন কৰিছে ৷
Photo: Google