কেন্দ্ৰ চৰকাৰে ক’লে যে, মহিলাসকলে মাহেকীয়া ঋতুস্ৰাৱৰ সময়ছোৱাতো ক’ভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰিব পাৰে।
চৰকাৰে ক’লে যে, বৰ্তমান যি পৰিস্থিতি সেই সময়ত ক’ৰোনা ভেকচিনেচনৰ গতি হ্ৰাস কৰিব পৰা নাযায়।
ড০ বিকে পল, সদস্য-স্বাস্থ্য, নীতি আয়োগে ক’লে, ‘প্ৰশ্ন উত্থাপন হৈছে যে মাহেকীয়া ঋতুস্ৰাৱৰ সময়ছোৱাত মহিলাসকলে টীকা ল’ব পাৰে নে?
Questions are being asked whether vaccine can be taken by women during menstruation. The answer is yes, the vaccine can be taken during periods. This is no reason to postpone vaccination: Dr. VK Paul, Member-Health, Niti Aayog
— ANI (@ANI) April 26, 2021
ইয়াৰ উত্তৰটো হ’ল, পিৰিয়ডছৰ সময়ছোৱাত প্ৰতিষেধক গ্ৰহণ কৰিব পাৰে।
ইয়াক স্থগিত কৰাৰ কোনো কাৰণ নায়।
ড০ পলে ক’লে যে, আমি এই পৰিস্থিতিত ক’ৰোনা ভেকচিনেচনৰ প্ৰক্ৰিয়া লেহেমীয়া কৰিব নোৱাৰো। টীকাকৰণ বৃদ্ধি কৰিব লাগে।
চৰকাৰে ক’লে যে, ভাৰতত বৰ্তমানলৈ ক’ভিড-১৯ টীকাৰ ১৪.১৯ কোটি পালি দিয়া হৈছে।
Photo: Google