আজি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ)য়ে জনাই যে,
ভাৰত বায়’টেকে তৈয়াৰ কৰা ক’ৰোনাৰ প্ৰতিষেধক কভেক্সিনে SARS Cov- ২ৰ ডাবল মিউটেণ্ট ষ্ট্ৰেইন
আৰু আন সংক্ৰমণ সমূহো কাৰ্যকৰীভাৱে ধ্বংস কৰিব পাৰে বুলি নিশ্চিত হৈছে।
আই চি এম আৰৰ মহামাৰী ৰোগবিদ্যা আৰু সংক্ৰমক ৰোগ বিভাগৰ মুৰব্বী ডাঃ সমীৰণ পাণ্ডাই জনাই যে ভাৰতবাসীৰ বাবে ই এক সুখবৰ ।
এই প্ৰতিষেধকৰ জৰিয়তে ক’ৰোনা ভাইৰাছৰ ২য় ঢৌৰ সংক্ৰমণ ৰোধ কৰিব আৰু জনসাধাৰণৰ উৎকণ্ঠা যথেষ্ট হ্ৰাস কৰিব।
আজি ভাৰত বায়’টেকে এই কথা সদৰী কৰে যে তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ অন্তত দেখা গৈছে,
কভেক্সিন প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছত ক’ৰোনা মহামাৰীৰ বাবে হাস্পতালত ভৰ্তি কৰাবলগীয়া হোৱাৰ সম্ভাৱনা ১০০ শতাংশই হ্ৰাস পায়।
তাৰ উপৰিও ক’ভিড আক্ৰান্ত সামান্য,মধ্যমীয়া আৰু গুৰুতৰ ৰোগী সমূহৰ ক্ষেত্ৰত এই কভেক্সিন প্ৰতিষেধকৰ কার্যকৰিতা ৭৮%।
Photo Credit: Google