কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী চয়নিকা সভাপণ্ডিতে আৰ্থিক দৈন্যতাৰ পৰা পৰিত্ৰাণ বিচাৰি ক’ভিড পৰিস্থিতিৰ মাজতে মাক-দেউতাকক সহায় কৰিবলৈ চয়নিকাই ঘৰৰ সন্মুখতে নিজাকৈ আৰম্ভ কৰিছিল এখন শাক-পাচলিৰ দোকান।ছাত্ৰী গৰাকীৰ এই কৰ্ম সংস্কৃতি ইতিমধ্যে চৰ্চাৰ বিষয় হৈ পৰিছিল।
ছাত্ৰী গৰাকীক এই আৰ্থিক সংকটৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে বিত্তমন্ত্ৰী অজন্তা নেওগ আহি গোলাঘাটৰ পাঁচ আলিৰ সমীপৰ জীৱন তামূলী পথৰ চয়নিকাৰ বাসগৃহত উপস্থিত হ’য়।মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীয়ে চয়নিকালৈ প্ৰেৰণ কৰা ৫০ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে।
চয়নিকাৰ এই কৰ্মৰ মন্ত্ৰী গৰাকীয়ে উচ্চ প্ৰশংসা কৰাৰ লগতে গোলাঘাটৰ নৱ প্ৰজন্মই চয়নিকাৰ আদৰ্শৰে আগবাঢ়ি হাতে-কামে লাগিলে গোলাঘাট স্ব-নিৰ্ভৰশীল হৈ উঠিব বুলি মত প্ৰকাশ কৰাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ আৰ্শীবাদ দিয়ে।
উল্লেখযোগ্য যে,চয়নিকাৰ এই কামক সকলোৱে প্ৰশংসা কৰাৰ লগতে ছচিয়েল মিডিয়াতো চয়নিকাৰ এই আদৰ্শ ভাইৰেল হৈ পৰিছে।বিশেষকৈ যিসময়ত কৰ’নাৰ বাবে নিজৰ ব্যৱসায়ক লৈ একাংশ লোকে চিন্তা আৰু হতাশাত দিন পাৰ কৰিছে সেই সময়ত এইগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে দেখুৱাইছে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰকৃত আৰ্দশ।